আত্মনিৰ্ভৰ অসম

75

ষ্টাফৰিপৰ্টাৰ, পথাৰো আমাৰ, বজাৰো ,আমাৰস্বাৱলম্বীতাৰে অসমৰ অৰ্থনীতি সবল কৰাৰ উদ্দ্যেশে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক স্বনিৰ্ভৰশীল কৰিবলৈ চলোৱা “পথাৰো আমাৰ, বজাৰো আমাৰ” শীৰ্ষক কাৰ্য্যসূচীত আজি চামিল হ’ল যুৱ প্ৰজন্মৰ হাৰ্ডথ্ৰৱ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ। আজি দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শিল্পীগৰাকীয়ে খানাপাৰাৰ আধুনিক কচাইখানা, কুকুৰা পোৱালী উৎপাদন প্ৰকল্প, গাহৰী পাম আৰু সোনাপুৰৰ দানা প্ৰস্তুতকৰণ প্ৰকল্প, দুগ্ধ পাম আমাৰ সৈতে পৰিদৰ্শন কৰে। জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ এনে আন্তৰিক প্ৰচেষ্টাই যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীলতাৰ দিশে আগৱাঢ়ি যোৱাত সহায় কৰিব বুলি আশাবাদী উদ্যোক্তাসকল।