ইৰাকৰ ৰাজধানী চহৰ বাগদাদত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ৩২ গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় ১১০ গৰাকী লোক । বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়াৱহ বোমা বিস্ফোৰণ । বাগদাদৰ টায়ৱান স্কোৱেৰ কাপোৰৰ এখন মুকলি বজাৰত সংঘটিত হয় দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণ ।
লকডাউন প্ৰত্যাহাৰৰ পিচত বজাৰখন গ্ৰাহকেৰে ভৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত কৰে । বিগত তিনি বছৰৰ ভিতৰত ইৰাকত সংঘটিত এইটো আটাইতকৈ ভয়াৱহ বোমা আক্ৰমণ ।
