ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠতম ক্ৰিকেটাৰ, ক্ৰিকেট বিশ্বত ‘দ্য ৱাল’ হিচাপে পৰিচিত ৰাহুল দ্ৰাবিড়ৰ আজি জন্মদিন। এই মহান খেলুৱৈগৰাকীয়ে আজি উদযাপন কৰিছে জীৱনৰ ৫২তম জন্মদিন। এই বিশেষ দিনটোত চাওঁ আহক তেওঁৰ নামত থকা কিছু বিশেষ অভিলেখ।টেষ্টৰ এগৰাকী বিশেষজ্ঞ বেটাৰ হিচাপে সকলোৰে মুখত প্ৰথমৰ ফালেই উচ্চাৰিত হ’ব দ্ৰাবিড়ৰ নাম। অদম্য ধৈৰ্যৰে ক্ৰীজত থিয় দি ক্ৰিকেট বিশ্বত ‘দ্য ৱাল’ হিচাপে খ্যাত দ্ৰাবিড়ে ১৬৪খন টেষ্টত খেলিছে মুঠ ৩১২৫৮টা বল। টেষ্টত যিকোনো খেলুৱৈৰ ক্ষেত্ৰত এয়া সৰ্বাধিক বলাৰৰ ৰেকৰ্ড।টেষ্টত ৩৬টা শতকেৰে দ্ৰাবিড় চতুৰ্থ সৰ্বাধিক শতক সংগ্ৰহকাৰী বেটাৰ। ১৬৫৪টা চাৰিৰে টেষ্টত দ্বিতীয় সৰ্বাধিক চাৰি কোবোৱা বেটাৰ দ্ৰাবিড়। তদুপৰি ২১০ টা কেচ ধৰি টেষ্ট ইতিহাসত সৰ্বাধিক কেচ ধৰা ফিল্ডাৰ হিচাপেও অভিলেখ আছে দ্ৰাবিড়ৰ নামত।