আজি অনুষ্ঠিত হৈছে থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচন। পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।
উল্লেখ্য যে, ২০২১ত এই পাঁচোটা সমষ্টিৰ মাথো এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰা একমাত্ৰ তামুলপুৰ সমষ্টিটোত UPPLৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৱে লাভ কৰিছিল ৭৮,৮১৮টা ভোট৷ সমষ্টিটোত কংগ্ৰেছ মহাজোঁটৰ বিপিএফৰ প্ৰাৰ্থী ৰাংজা খুংগুৰ বসুমতাৰীয়ে পাইছিল ৪৬,৬৩৫টা ভোট৷ তৃতীয় স্থানত আছিল নিৰ্দলীয় কেশৱ চন্দ্ৰ ৰাজবংশী ৷ তেওঁ লাভ কৰিছিল ১৪,৩৭৯টা ভোট৷ সমষ্টিটোত NOTA ভোট পৰিছিল ২৫৬২টা৷ ৰিজেক্ট হৈছিল ১৩৯টা ভোট৷
ইয়াৰ বিপৰীতে গোঁসাইগাঁও সমষ্টিটোত বিপিএফৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে লাভ কৰিছিল ৭০,৪০৭টা ভোট৷ য’ত, UPPLৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে পাইছিল ৬০,০৬৪টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী খাইনুৰ আনম খণ্ডকাৰে পাইছিল ৯১৭৪টা ভোট৷ য’ত NOTA ভোট আছিল ১৮০১টা৷ ৰিজেক্ট হৈছিল ৮৫টা ভোট৷
উপ–নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ভৱানীপুৰত AIUDFএৰি বিজেপিলৈ অহা ফণীধৰ তালুকদাৰে পাইছিল ৫৫,৯৭৫টা ভোট। য’ত, বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম আজাদ৷ ভোট লাভ কৰিছিল ৫,৪০০টা৷ য’ত NOTA ভোট আছিল ১০৩৭টা আৰু ৰিজেক্ট ২২০টা ভোট৷
ঠিক একেদৰে থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪৮,০২৬টা ভোট, সমষ্টিটোত কুশল দুৱৰীয়ে পাইছিল ৪৬,০২০টা ভোট৷ অজাপ প্ৰাৰ্থী দ্বীপেন তাঁতীয়ে পাইছিল ১৭০৫টা ভোট৷ য’ত ন’টা ভোট পৰিছিল ১১৪৬টা৷ ৰিজেক্ট হৈছিল ৩১৯টা ভোট৷
একেদৰে, মৰিয়নী বিধানসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে পাইছিল ৪৭,৩০৮টা ভোট য’ত, বিজেপিৰ ৰমণী তাঁতীয়ে পাইছিল ৪৪,৮৬২টা ভোট৷ সমষ্টিটোত অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰে পাইছিল ১৬১২টা ভোট আৰু তৃতীয় স্থানত আছিল NOTA, পৰিছিল ২০৫৬টা ভোট৷ (News18 Assam)
