১৬ টা বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই । আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাই বহু নিৰীহলোকক হত্যা কৰিছিল। আজিও পংগুত্ব জীৱন যাপন কৰি আছে বহুতে।আজি ৩০ অক্টোবৰ! অসমবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। এই দিনটোতেই ২০০৮ চনত অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণে প্ৰাণ কাঢ়িছিল বহুলোকৰ।প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গণেশগুৰিতো বোমা বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধা জনাবলৈ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অভিশপ্ত দিনটো সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯টা স্থানত বিস্ফোৰণ সংঘটিত কৰিছল। সেই দিনোটক কঁপি উঠিছিল গুৱাহাটীৰ গণেশগুৰিকে ধৰি ফাঁচী বজাৰ, বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও। এই ভয়ংকৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল।
Latest article
শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবিৰ শক্তিশালী বৃদ্ধি, উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণৰ লক্ষ্য
নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ২০২৪ চনৰ ২৭ অক্টোবৰত শ্লাইচৰ সৈতে একত্ৰিকৰণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত বিত্তীয় অৱস্থা আৰু সুস্থিৰতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এনইএছএফবিৰ...
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে
মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হেমন্ত ছোৰেনে।
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে ল'ব শপত।
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী, আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল,...
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি
উত্তৰপ্ৰদেশৰ ছম্ভালত উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ একাংশৰ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ ব্যৱহাৰ।
মছজিদত জৰীপ চলাবলৈ যোৱা দলক আক্ৰমণ।
শ্বাহী জামা...