ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ আজি জন্মদিন। ১৯৬১ চনত ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত জন্মগ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালে আজি ভৰি দিলে ৫৯ বছৰত। ছাত্ৰ সন্থাৰ পৰা অসম গণ পৰিষদ আৰু তাৰ পিছত বিজেপিলৈ আহি শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱালৰ আজিৰ জন্মদিনটোৰ শুভকামনা জ্ঞাপন কৰিছে তেওঁৰ গুণমুগ্ধ তথা ৰাজ্যৰ বিশিষ্ট ব্যক্তি সকলে।
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱাল আছুৰ লগত জড়িত আছিল৷ ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰাৰ পিছচ ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সোণোৱালে। তেওঁ ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে৷ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷
সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়৷ যাৰ ফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়৷ তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰে৷ ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়৷ ২০১৬ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে সোণোৱালে।
