আজি মাজুলী ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

106

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলী ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পিছত এয়া হব ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম মাজুলী ভ্ৰমণ।

মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তিনি সত্ৰৰ আশীষ নিৰ্মালি গ্ৰহণ কৰিব। উল্লেখ্য যে, মাজুলী সমষ্টিৰ পৰা ২০১৬ আৰু ২০২১ চনত একেৰাহে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জয়ী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।