কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। কিন্তু তাৰ পিছতো চৰকাৰৰ গা নলৰাত ২৭ ছেপ্টেম্বৰত সমগ্ৰ ভাৰত বন্ধৰ আহ্বান জনাইছিল কেইবাটাও কৃষক সংগঠনে।
আজি পুৱা ৬ বজাৰ পৰা দেশৰ কেইবাখনো ৰাজ্যত ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছেম দিল্লীত আংশিক বন্ধৰ প্ৰভাৱ দেখা পোৱাৰ বিপৰীতে পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশতো বন্ধৰ ব্যাপক প্ৰভাৱ দেখা পোৱা গৈছে। অসমতো কোনো ক্ষেত্ৰৰ জনসাধাৰণে ভাৰত বন্ধৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।
বিয়লি ৪ বজালৈ এই বন্ধ অব্যাহত থাকিব। এয়া এক প্ৰতিবাদী বন্ধ বুলি মন্তব্য কৰিছে কৃষক সংগঠনসমূহে। কেন্দ্ৰীয় চৰকাৰে বিগত ১০ মাহৰো অধিক সময় অব্যাহত থকা কৃষকৰ প্ৰতিবাদক গুৰুত্ব নিদিয়াৰ বাবেই এই বন্ধৰ আহ্বান জনাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কয় কৃষক সংগঠন সমূহে।
