আজি ভাৰত বন্ধ!

71

ডিজিটেল ডেস্কঃ কৃষকৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কৃষকবিৰোধী তিনিখন আইন জাপি দিয়াৰ বিৰুদ্ধে দেশৰ বিভিন্ন কৃষক সংগঠনসমূহে ২৫ছেপ্তেম্বৰত ভাৰত বন্ধৰ আহ্বান কৰিছিল। অসমৰ বিভিন্ন দল-সংগঠনেও এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ ঘোষণা কৰিছিল।

ইফালে আজি ২৫ ছেপ্তেম্বৰৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ জনতাই কৃষকে আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বন্ধৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হ’লেও গুৱাহাটী মহানগৰীত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই।

ইফালে কৃষি বিধেয়কৰ বিৰুদ্ধে পাঞ্জাৱতো তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। অমৃতসৰত কিষান মজদুৰ সংঘৰ্ষ কমিটীয়ে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ২৪ ছেপ্তেম্বৰৰ পৰা ২৬ ছেপ্তেম্বৰলৈ ৰে’ল অৱৰোধ কাৰ্যসূচী পালন কৰিছে। দেশৰ অন্য প্ৰান্ততো মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক।