আজি বহু প্ৰতীক্ষিত AICCৰ সভাপতি পদৰ নিৰ্বাচন…

260

আজি বহু প্ৰতীক্ষিত AICCৰ সভাপতি পদৰ নিৰ্বাচন।

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে।

অসমতো পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।

অসমত মুঠ ২৮৯ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটদান।

ভোট গণনা হ’ব ১৯ অক্টোবৰ অৰ্থাৎ বুধবাৰে।

নতুন দিল্লীৰ মুখ্য কাৰ্যালয়কে ধৰি সমগ্ৰ দেশত মুঠ ৬৫টা ভোটকেন্দ্ৰ থাকিব। দেশৰ প্ৰায় ৯ হাজাৰ কংগ্ৰেছ সদস্যই আজি ভোটদান কৰিব।

ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত বেলট বক্সসমূহ লৈ যোৱা হ’ব নতুন দিল্লীৰ মুখ্য কাৰ্যালয়লৈ।

তাত সকলো বেলট পেপাৰ মিক্স কৰি দিয়া হ’ব যাতে কোন ৰাজ্যৰ পৰা কিমান ভোট আহিছে সেয়া জানিব পৰা নাযায়।

ইতিমধ্যে অন্তঃকন্দলেৰে জৰ্জৰিত হৈ থকা দলটোৰ সভাপতি নিৰ্বাচনত জ্যেষ্ঠ কংগ্ৰেছী মল্লিকাৰ্জুন খৰ্গে আৰু কেৰেলাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।