আজি বলিউডৰ বাদশ্বাহৰ ওপজা দিন

70

আজি জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত আত্মপ্ৰকাশ কৰে বলীউডত। ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান।আজি বলীউডৰ বাদশ্বাহ ‘কিং খান’ শ্বাহৰুখৰ জন্মদিন।কিন্তু বহু লোক হয়তো জ্ঞাত নহয় যে বলীউডত শ্বাহৰুখ খানৰ প্ৰথম ছবিখন আছিল ‘দিল আশ্না হায়’। কিন্তু ছবিখন মুক্তি পোৱাত পলম হোৱাৰ বাবে ‘দীৱানা’ক তেওঁৰ প্ৰথম ছবি হিচাপে গণ্য কৰা হয়।তিনিখন পৃথক বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা বলীউডৰ প্ৰথম আৰু একমাত্ৰ অভিনেতা শ্বাহৰুখ খান। তদুপৰি ২০১১ চনৰ ১০ নৱেম্বৰত শ্বাহৰুখ খান ইউনেস্ক’ৰ বিশেষ সন্মান পিৰামাইড কন মাৰ্নি বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।