আজি প্ৰথম মৃত্যু বাৰ্ষিকী ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈৰ। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে, ২০২০ চনৰ ২৩ নৱেম্বৰত চিকিৎসালয়ৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰিছিল তৰুণ গগৈয়ে।
১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত গগৈৰ জন্ম হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰাৰ পিছত কেইবছৰমান অধিবক্তা হিচাপেও কাম কৰিছিল। ১৯৬৮ চনত যোৰহাট পৌৰ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তিনি বছৰৰ পিছত, তেওঁ যোৰহাটৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়।
১৯৭৭ আৰু ১৯৮৩ চনত যোৰহাটৰ পৰা আৰু দুটা কাৰ্যকালৰ বাবে লোকসভালৈ পুনৰ নিৰ্বাচিত হয়। ১৯৮৩ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত তেওঁ কংগ্ৰেছত দলৰ সাধাৰণ সম্পাদকৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (এপিচিচি) সভাপতিকে ধৰি কেইবাটাও জ্যেষ্ঠ পদত অধিষ্ঠিত হৈছিল। ১৯৯১ চনত আৰু ক্ৰমান্বয়ে ১৯৯৮ আৰু ১৯৯৯ চনত কালিয়াবৰৰ পৰা চতুৰ্থবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়। বৰ্তমান তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে এতিয়া কালিয়াবৰক প্ৰতিনিধিত্ব কৰিছে।
প্ৰবীণ ৰাজনীতিবিদজন ১৯৯১ ৰ পৰা ১৯৯৫ চনৰ ভিতৰত পিভি নৰসিংহ ৰাও কেবিনেটত খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ দপ্তৰ পৰিচালনা কৰা কেন্দ্ৰীয় মন্ত্ৰী আছিল।
২০২১ চনৰ ৯ নৱেম্বৰত তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হয়। তেওঁৰ পত্নী ডলী গগৈয়ে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা গ্ৰহণ কৰে।