আজি পবিত্ৰ ঈদ-উল-ফিতৰ। যোৱা দুটা বছৰ কোভিডৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ পিছত এইবাৰ মছজিদত পুৱা সমূহীয়া নামাজ আদায় কৰিলে মুছলমান লোকসকলে।
বিশ্ব শান্তি আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ স্বাৰ্থত গোলাঘাটত মুছলমান ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে নামাজ আদায় কৰিলে সাংসদ গৌৰৱ গগৈয়েও।
মূৰত টুপী পিন্ধি গৌৰৱ গগৈয়ে সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শান্তু আৰু ভাতৃত্ববোধৰ বাবে প্ৰাৰ্থনা জনায়।
