আজি পবিত্ৰ ঈদ ঊল ফিটৰ

120

ইছলাম ধৰ্মীসকলৰ পবিত্ৰ ঈদ ঊল ফিটৰ আনন্দই আজি উপচাই তুলিছে সমগ্ৰ বিশ্ব। ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুন দিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোক সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।

ইফালে কোভিডৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে ইছলামধৰ্মী লোক সকলে পালন কৰিব পবিত্ৰ ঈদ ঊল ফিটৰ। ৰাজ্য চৰকাৰে দিয়া কোভিড প্ৰট’কলৰ বাবে মছজিদ বা কোনো ঈদগাহ ময়দানত ঈদৰ নামাজ নকৰি নিজ নিজ ঘৰতে কোভিডৰ সকলো নীতি-নিয়ম মানি পালন কৰিব পবিত্ৰ ঈদ।