আজি নগাঁও পৌৰসভাৰ ২৩ টা ৱাৰ্ডত ৯০,২৩৮ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

100

ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি (৬ মাৰ্চত) নগাঁও পৌৰসভাৰো নিৰ্বাচন অনুষ্ঠিত হৈছে । বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলি কালি প্ৰচাৰ অভিযানৰ মাৰে । ২৬ টা মহলাযুক্ত নগাঁও পৌৰসভাৰ ২৩ টা মহলাত এইবাৰ পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছে । ইতিমধ্যে নগাঁও পৌৰসভাৰ ৮ নং,১০নং আৰু ২৬ নং মহলাত তিনিগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদন্দ্বিতাৰে বিজয়ী হৈছে । নগাঁও পৌৰসভাত বিনা প্ৰতিন্দিতাৰে বিজয়ী তিনিটা মহলা বাদ দি ৯০,২৩৮ গৰাকী ভোটাৰে আজি পুৱা সাত বজাৰ পৰা অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ।

ইয়াৰে ৪৪,১৪৮ গৰাকী পুৰুষ ভোটাৰ আৰু ৪৬,০৯০ গৰাকী মহিলা ভোটাৰ ৷ ২৩ টা মহলাত মিত্ৰজোঁটৰ হৈ বিজেপিৰ ১৯ গৰাকী আৰু অগপৰ ৪ গৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ হৈ পৌৰসভা নিৰ্বাচনত প্ৰতিদন্দ্বিতাত অৱৰ্তীণ হৈছে । ইয়াৰ বিপৰীতে কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ মিত্ৰ শক্তিৰ হৈ কংগ্ৰেছৰ ১৯ গৰাকী আৰু অসম জাতীয় পৰিষদৰ ৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ১৪ নং মহলাত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী আৰু বিভিন্ন মহলাত ৮ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী প্ৰতিদন্দিতাত অৱতীৰ্ণ হৈছে । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই,নগাঁও পৌৰসভাৰ ২৩ টা মহলাৰ প্ৰায় প্ৰতিটোতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাই মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট দিবলৈ ভোটাৰ সকলক আহ্বান জনায় ।

প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰি বিধায়ক শৰ্মাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ জোৱাৰ উঠিছে । যাৰ বাবে আজি ৰাইজ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়ন প্ৰতি ধাৱমান হৈছে । নগাঁও পৌৰসভাত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিব । ইতিমধ্যে নিৰ্বাচন নৌ হওঁতেই নগাঁও পৌৰসভাৰ ২৬ টা মহলাৰ ভিতৰত তিনিটা মহলাত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদন্দিতাই নিৰ্বাচিত হৈছে ।

বিজেপিয়ে প্ৰতিদন্দিতা কৰা আন ১৯ টা মহলাটো বিজেপি প্ৰাৰ্থী জয়ী হোৱাটো এশ শতাংশই নিশ্চিত হৈছে ৷ বিধায়ক ৰূপক শৰ্মাৰ লগতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ আদিয়ে বিজেপি প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলায় ৷ নগাঁও পৌৰসভাৰ ৪ টা মহলাত প্ৰতিদন্দিতা কৰা অগপ দলে ৪ টা মহলা অগপৰ দখললৈ নিবৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰা দেখা গৈছে ৷ পুৱাৰ ভাগতেই প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই চাৰিটা মহলাতে প্ৰচাৰ অভিযান চলাই অগপ প্ৰাৰ্থীক ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বৰুৱাই কয় যে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভবিষ্যতৰ বাবে আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিব লাগিব। নগাঁও পৌৰসভাৰ ২ নং মহলাত বিজেপিৰ বুলবুলি সাহা , কংগ্ৰেছৰ ভাৰতী ৰাণী পালৰ মাজত নিৰ্বাচনী যুজঁখন আকৰ্ষনীয় হৈ পৰিছে । দুয়োগৰাকী প্ৰাৰ্থীয়ে মহলাটো নিজৰ দখললৈ নিবলৈ আপ্ৰাণ চেষ্টা চলাইছে ।

ঠিক সেইদৰে ২০ নং মহলাৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তৌহিদুল ইছলাম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল কাদিৰক বিজয় কৰাবলৈ প্ৰায় ১৭,০০০ ভোটাৰে নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰিব ৷ ৯ নং মহলাত বিজেপিৰ যুৱ নেতা অৰূপ বৰদলৈ কংগ্ৰেছৰ এগৰাকী যুৱতী নীলাঞ্জনা দাস,১২ নং মহলাত বিজেপিৰ জাকিৰ হুছেইন চৌধুৰী, কংগ্ৰেছৰ নজমুল হুছেইন,১৮ নং মহলাত বিজেপিৰ সুব্ৰত দত্ত, কংগ্ৰেছৰ দীপাংকৰ শইকীয়া আৰু ২৩ নং মহলাত বিজেপিৰ গোপাল শইকীয়া আৰু কংগ্ৰেছৰ পবিত্ৰ বৰা,১৫ নং মহলাত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মুক্তা জয়ছোৱালৰ মাজত নিৰ্বাচনী যুজঁখন বিশেষ আকৰ্ষণীয় হৈ পৰিছে ৷

মহলাটোত এগৰাকী জনপ্ৰিয় সমাজকৰ্মী হিচাপে মুক্তা জয়ছোৱালে এক বিশেষ পৰিচয় বহন কৰি আহিছে ৷ সেই বাবে প্ৰাৰ্থী গৰাকী ভোটাৰ ৰাইজৰ কাষ চপাত বিশেষ সুবিধা হোবাৰ লগতে মুক্তা জয়ছোৱালক সকলোবে আদৰি লৈ বিজয়ী কৰাব বুলি মহলাটোৰ তৃণমূল পৰ্যায়ত বিশেষ চৰ্চিত হৈ পৰিছে ৷ ঠিক সেইদৰে হিন্দু-মুছলমান- শিখ-ভাষিক সংখ্যালঘু,বিহাৰী,ডেছুৱালী বিভিন্ন সম্প্ৰদায়ৰ ভোটাৰে বসবাস কৰা নগাঁও পৌৰসভাৰ ২৪ নং মহলাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডিমৰুগুৰি বালিভুই নিবাসী চিমু শইকীয়া আৰু মৰিকলং চাৰিআলি নিবাসী উদ্যমী তথা সমাজ সেৱিকা ৰূপালী শইকীয়াৰ মাজৰ যুঁজখনেও ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে ৷

মহলাটোত ৫০৭৯ গৰাকী ভোটাৰে ল’ব এইবাৰ নিৰ্ণায়ক ভুমিকা ৷ আনহাতে,৪ নং মহলাৰ বিজেপি দলৰ প্ৰাৰ্থী হেমা ঝাৱঁৰ আৰু শালিনী গুপ্তাৰ মাজৰ যুজখনত বিজেপি প্ৰাৰ্থী গৰাকীয়ে ভোটাৰ ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰা বুলি জানিব পৰা গৈছে ৷ ইফালে,৫ নং মহলাত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী গজেন বৰা আৰু কংগ্ৰেছ-জাতীয় পৰিষদ-ৰাইজৰ দলৰ মনোনীত মহিলা প্ৰাৰ্থী প্ৰাৰ্থনা দাসৰ মাজত বিজেপি প্ৰাৰ্থী গৰাকীয়ে তৃণমূল পৰ্যায়ত ভোটাৰ ৰাইজৰ মাজত বৰ্তমানলৈকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোবা বুলি জানিব পৰা গৈছে ৷