আজি দিছপুৰ থানাত হাজিৰ ডাঃ নভনীল বৰুৱা

97

মহানগৰীৰ হিট এণ্ড ৰাণ গোচৰত অভিযুক্ত মডেল ৰাজকণ্যা বৰুৱাক ভুৱা স্বাস্থ্য অসুস্থতাৰে হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱাই ৰক্ষণাবেক্ষণ দিয়া GNRCৰ চিকিৎসক ডাঃ নভনীল বৰুৱাক আৰক্ষীয়ে চমন জাৰি কৰিছিল। তাৰ পিছতে শুকুৰবাৰে পুৱা দিছ্পুৰ থানাত হাজিৰ হয় চিকিৎসকগৰাকী।

সাংবাদিকৰে হোৱা কথা-বতৰাত GNRC ৰ শীৰ্ষ চিকিৎসক গৰাকীয়ে কোনো ৰাজকণ্যা বৰুৱাক তেওঁ চিনি নাপায় বুলি মন্তব্য কৰে। তেওঁ কয়, ‘মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই। পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ সৈতে। ICU ত মই ৰখা নাছিলো।’

উল্লেখ্য যে মহানগৰীৰ ৰাজপথত সুৰাসক্ত অৱস্থাত ৮ জনকৈ শ্ৰমিকক মহতিয়াই নিয়া মডেল ৰাজকণ্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও জামিন লাভৰ পিছতে তেওঁ অসুস্থতাৰ দোহাই দি GNRC ৰ ICU ত ভৰ্তি হৈ শাস্তিৰ পৰা ৰক্ষাৰ চেষ্টা চলাইছিল। কিন্তু GMCH ৰ মেডিকেল বোর্ডৰ স্বাস্থ্য পৰীক্ষাত ৰাজকণ্যা সম্পূৰ্ণ সুস্থ বুলি প্ৰমাণ হোৱাৰ পিছতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে ৰাজকণ্যাক।

আনহাতে ভুৱা অসুস্থতাৰ নাটক ৰচি চিকিৎসাধীন কৰোৱাই ৰাজকণ্যাক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰৰ GNRC ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নভনীল বৰুৱাৰ নাম চৰ্চালৈ অহাৰ পিছতে বৃহস্পতিবাৰে চিকিৎসকগৰাকীলৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল।

উল্লেখ্য যে, ৰাজকন্যা বৰুৱাক দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে বহু ৰহস্য ফাদিল হৈছে। কোনো স্বাস্থ্যজনিত সমস্যা নথকাকৈ GNRC হাস্পতালৰ আইচিইউত ৰখা হৈছিল ৰাজকন্যা বৰুৱাক। বুধবাৰে মেডিকেল বোৰ্ডৰ ফালৰ পৰা কৰোৱা স্বাস্থ্য পৰীক্ষাত ধৰা পৰে পৰে এই কথা। আৰু তাৰ পিছৰে পৰা চৰ্চালৈ আহে চিকিৎসক ডাঃ নভনীল বৰুৱা।

অভিযোগ অনুসৰি, ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মিছাকৈ স্বাস্থ্যজনিত সমস্যা দেখুৱাই আইচিইউত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল চিকিৎসক ডাঃ বৰুৱাই। আৰু বৃহস্পতিবাৰে ডাঃ নভনীল বৰুৱালৈ চমন প্ৰেৰণ কৰাৰ পিছতে আজি চিকিৎসকগৰাকী দিছপুৰ থানাত উপস্থিত হয়।