আজি দাখিল হব ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট।সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট । উল্লেখযোগ্য যে ১১ বজাৰ লগে লগে সংসদত নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেটৰ ভাষণ। এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট বুলি জানিব পৰা গৈছে।
২০২৩-২৪ বাজেটক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। কিয়নো আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পূৰ্ণাংগ বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বহু ডাঙৰ ডাঙৰ ঘোষণা।
