আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হব লাগিব বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

86

আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হব লাগিব বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা কেইবাটাও গোচৰ সন্দৰ্ভত সাক্ষ্য গ্ৰহণৰ বাবে মাতি পঠিওৱা হৈছে চিআইডিৰ কাৰ্যালয়লৈ। প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোণাম দখল কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক কাৰাগাৰলৈ প্ৰেৰণ কৰা হব নেকি বুলিও এতিয়া প্ৰশ্নৰ উদয় হৈছে।

বদৰুদ্দিন আজমলৰ এটা ভুৱা ভিডিঅ’ প্ৰচাৰক লৈ সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ। ভাৰতীয় দণ্ডবিধিৰ 153A/295A/505 (2) নম্বৰত সত্যৰঞ্জনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। ইয়াৰোপৰিও আন কেইবাটাও গোচৰ ৰুজু হৈ আছে হিন্দুত্ববাদী নেতাজনৰ বিৰুদ্ধে। এই গোচৰ সন্দৰ্ভত সাক্ষ্য গ্ৰহণ কৰিবলৈ চিআইডিয়ে কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল। আজি চিআইডিৰ উলুবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হব লাগিব সত্যৰঞ্জন বৰা।