আজি গান্ধী জয়ন্তী…

81

ডিজিটেল ডেস্কঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী। ১৮৬৯ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীৰ সোঁৱৰণত প্ৰতি বছৰে ২ অক্টোবৰত পালন কৰা হয় গান্ধী জয়ন্তী। সত্য আৰু অহিংসাৰ প্ৰতীক মহাত্মা গান্ধীৰ সশ্ৰদ্ধ সোঁৱৰণত আজি পুৱা দিল্লীৰ ৰাজঘাটত গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ নেতা গুলাম নবী আজাদ, ছোনীয়া গান্ধীকে ধৰি দেশৰ শাসক-বিৰোধী নেতাসকলে পুৱা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি স্মৰণ কৰে। ইফালে আজি দিনটোত জাতিৰ পিতাক দেশৰ বিভিন্ন প্ৰান্ততো স্মৰণ কৰা দেখা যায়।