আজি কৰা হ’ব বাবৰি ধ্বংসকাণ্ডৰ ৰায়দান

83

ডিজিটেল ডেস্কঃ অযোধ্যাৰ বাবৰি মছজিদ ধ্বংসকাণ্ডৰ ২৮ বছৰ পিছত আজি ৰায় প্ৰদান কৰিব লক্ষ্ণৌৰ এখন বিশেষ চিবিআই আদালতে। বাবৰি মছজিদ ধ্বংসকাণ্ডৰ মূল অভিযুক্ত বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানী, মুৰুলী মনোহৰ যোশী, ওমা ভাৰতী, কল্যান সিঙৰ লগতে অন্য অভিযুক্তসকলক আজি আদালতত উপস্থিত থকাৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, বাবৰি মছজিদ ধ্বংসকাণ্ডৰ ট্ৰায়েল কৰা বিশেষ ন্যায়াধীশ এছ কে যাদৱ ২০১৯ৰ ৩০ ছেপ্তেম্বৰতে অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল যদিও এই গোচৰৰ ৰায়দানৰ খাতিৰত তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হয়। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায়দান ২ বছৰৰ ভিতৰত প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা অনুযায়ী আজি ৰায়দানৰ অন্তিম দিনটোত বিশেষ চিবিআই আদালতে বাবৰি মছজিদ ধ্বংসকাণ্ডৰ ৰায়দান কৰিব।

বাবৰি মছজিদ ধ্বংসকাণ্ড সন্দৰ্ভত বিভিন্ন সময়ত মুঠ ৪৯জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ পিছত ১৯৯৩ চনৰ ৪ অক্টোবৰত চিবিআইয়ে ৪০ অভিযুক্তৰ বিৰুদ্ধে প্ৰথম অভিযোগপত্ৰ দাখিল কৰে আৰু অন্য ৯ অভিযুক্তৰ বিৰুদ্ধে ১০ জানুৱাৰী, ১৯৯৬ত অভিযোগপত্ৰ দাখিল কৰে। যোৱা ২৮ বছৰত ইয়াৰে ১৭ অভিযুক্তৰ মৃত্যু ঘটিছে। বৰ্তমান সময়ত ৩২ জন অভিযুক্তহে জীৱিত আছে।