৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাৰ পিছত দেওবাৰে দলৰ ৱৰ্কিং কমিটিৰ বৈঠকৰ আহ্বান জনাইছে অধ্যক্ষা ছোনিয়া গান্ধীয়ে। বিয়লি ৪ বজাত দিল্লীৰ মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হব।
এই বৈঠকতে কংগ্ৰেছৰ পৰৱৰ্তী কাৰ্যক্ৰমণিকা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দলৰ নতুন নেতৃত্ব সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে। সূত্ৰৰ খবৰ অনুসৰি, আজিৰ বৈঠকত অধ্যক্ষাৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে ছোনিয়া গান্ধীয়ে। সেইদৰে ৰাহুল গান্ধীয়েও দলৰ নেতৃত্বৰ ভাৰ ত্যাগ কৰাৰ সম্ভৱনা আছে।
উল্লেখ্য যে, সদ্যঘোষিত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখা গ’ল কংগ্ৰেছক। দলটোৱে শাসনভাৰ চলোৱা পঞ্জাৱতো এইবাৰ আম আদমী পাৰ্টীৰ হাতত শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগা হয় কংগ্ৰেছে। এনে পৰিপ্ৰেক্ষিতত দলীয় নেতৃত্বৰ সাল সলনি কৰি ভৱিষ্যত সময়ৰ বাবে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে।