বৃহস্পতিবাৰ আঠটা আদিবাসী বিদ্ৰোহী গোটৰ অন্তৰ্গত প্ৰায় ১১০০ কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সম্বৰণ কৰিব। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পৰিপ্ৰেক্ষিতত অস্ত্ৰ সম্বৰণৰ সিদ্ধান্ত বিদ্ৰোহী কেডাৰৰ।
অস্ত্ৰ সমৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া আদিবাসী বিদ্ৰোহী সংগঠনসমূহৰ ভিতৰত আছে অল আদিবাসী নেচনেল লিবাৰেশ্যন আৰ্মি (এএনএএনএলএ), এএনএনএলএ (এফজি), বিৰছা কমাণ্ডো বাহিনী (বিচিএফ), বিচিএফ (বিটি), সন্থাল টাইগাৰ বাহিনী, আদিবাসী কোব্ৰা উগ্ৰপন্থী অসম ( এচিএমএ), এচিএমএ (এফচি), আৰু আদিবাসী পিপলছ আৰ্মি (এপিএ)। ২০১৬ চনৰ পৰাই এই গোটসমূহে যুদ্ধবিৰতি অব্যাহত ৰাখিছে আৰু অস্ত্ৰ-শস্ত্ৰ ৰখাৰ সিদ্ধান্তই শান্তি আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক সূচায়।
আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ বিষয়ববীয়াৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে এই অস্ত্ৰসম্বৰণ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। চাহ বাগিচাৰ দ্ৰুত আৰু লক্ষ্যভিত্তিক উন্নয়ন নিশ্চিত কৰাৰ লগতে সশস্ত্ৰ কেডাৰ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ পুনৰ্বাসন, পুনৰ সংস্থাপন, আৰু কল্যাণৰ ব্যৱস্থা গ্ৰহণৰ বাবে শান্তি চুক্তিৰ অংশ হিচাপে এই পৰিষদ গঠন কৰা হৈছে।
