আজি অসমলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

88

আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, হোজাই আৰু লামডিঙত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতাগৰাকীয়ে, উল্লেখ্য যে অহা ২৭ মাৰ্চত অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি কংগ্ৰেছকে ধৰি সকলো দল, ইজনৰ পিছত সিজন ৰাষ্ট্ৰীয় নেতা তথা ষ্টাৰ কেম্পেইনাৰৰ আগমণ ঘটিছে অসমলৈ, ২২ মাৰ্চত অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰো বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতাৰ অসম ভ্ৰমণ অব্যাহত আছে, তাৰ মাজতে আজি পুনৰ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ৰাজনাথ সিং, আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়েও আজি কৰিব অসম ভ্ৰমণ, বৰাকত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব এই দুই নেতাই