আজি অসমত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ

85

বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। পুৱাই অসমত উপস্থিত হোৱা যোগী আদিত্যনাথে প্ৰথমে মা কামাখ্যা ধামলৈ গৈ আশীষ লয়। তাৰ পিছতে হোজাইৰ লংকালৈ ৰাওনা হৈছে যোগী আদিত্যনাথ। লংকাৰ বিজেপি প্ৰাৰ্থী মধুৰাম ডেকাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পিছতে কলাইগাঁৱত দিনৰ ১ বজাত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰিব তেওঁ। আনহাতে বিয়লি ৩ বজাত ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।