আজি অন্ত পৰিব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ। বিয়লি ৪.৩০ বজাৰ লগে লগে নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে সামৰিব লাগিব নিৰ্বাচনৰ প্ৰচাৰ অভিযান।
ইতিমধ্যে পৌৰ নিগমৰ নিৰ্বাচনক লৈ তুংগত উঠিছে প্ৰচাৰ অভিযান। শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলেই ভোটাৰক প্ৰলোভিত কৰিবলৈ নামি পৰিছে। খোৱা পানীৰ সমস্যাক মূল বিষয় হিচাপে লৈ এইবাৰ শাসক-বিৰোধী সকলোৱে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে।
ইফালে খোদ মুখ্যমন্ত্ৰীয়ে বিগত ৩ দিনত ১০ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে। আনহাতে বিগত কেইবাটাও নিৰ্বাচনত প্ৰায় বিধ্বস্ত হৈ পৰা বিৰোধী কংগ্ৰেছৰ বাবে এইবাৰ পৌৰ নিগমৰ নিৰ্বাচন অস্তিত্ব ৰক্ষাৰ যুঁজ হিচাপে পৰিগণিত হৈছে।
