আজি অন্ত পৰিব পাৰে এবছৰ ধৰি অব্যাহত থকা কৃষক আন্দোলনৰ

84

আজি অন্ত পৰিব পাৰে যোৱা এটা বছৰে দিল্লী সীমান্তত অব্যাহত থকা কৃষক আন্দোলনৰ। চৰকাৰে কৃষকসকলক আশ্বাসসহ এখন স্বাক্ষৰিত পত্ৰ প্ৰদান কৰাৰ পিছত কৃষক আন্দোলনৰ অন্ত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বৰ্তমান ইউনাইটেড কিষাণ মৰ্চাই চৰকাৰৰ পৰা লাভ কৰা পত্ৰ খনৰ সন্দৰ্ভত বিবেচনা অব্যাহত ৰাখিছে।

কৃষক নেতা ৰাকেশ টিকাইটে প্ৰকাশ কৰা মতে চৰকাৰী পত্ৰখনৰ ওপৰত কিষাণ মৰ্চাৰ বৈঠকত সিদ্ধান্ত লোৱা হব। ইতিমধ্যে সিংঘু সীমান্তত আন্দোলন জাৰি ৰখা কৃষকসকলে তেওঁলোকৰ কেম্পসমূহ আঁতৰাবলৈ আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।

খবৰ অনুসৰি, সকলো কৃষক সংগঠনে আন্দোলন সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে আৰু সিংঘু সীমান্ত সোনকালেই খালী কৰাৰ প্ৰস্তুতি চলাইছে।