আজিৰে পৰা ৰাজ্যৰ বলবৎ নতুন SOP

87

আজিৰে পৰা ৰাজ্যত বলবৎ হব নতুন এছঅপি। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা নতুন এছঅ’পি জাৰি কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, নতুন এছঅ’পি অনুসৰি আজিৰে পৰা দিনৰ ১ বজাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব। হোটেল, ৰেষ্টুৰেণ্টসমূহে ১ বজাৰ পিছত হোম ডেলিভাৰী কৰিব পাৰিব। ইফালে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে ৰাজ্যৰ সকলো সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ১৫দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ। সকলো ধৰ্মীয় স্থলী ১৫দিনৰ বাবে বন্ধ ৰাখিব লাগিব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰ আদি বন্ধ কৰাৰ সময় দিনৰ ২ বজা নিৰ্ধাৰণ কৰি দিয়া হৈছিল।