আজিৰে পৰা ৰাজ্যত হব পাৰে প্ৰৱল বৃষ্টিপাত…

87

সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱত অসমত আজিৰে পৰা হবপাৰে প্ৰবল বৃষ্টিপাত। এই সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে। মঙলবাৰে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া হৈ থকাও দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, ২৬ মে’ত সাগৰীয় ঘূৰ্ণী য়াছে ওড়িষাৰ উপকূলত খুন্দা মাৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে। ১৮৮ কিলোমিটাৰ বেগেৰে এই ঘূৰ্ণীয়ে ওড়িষাৰ মাজেৰে অতিক্ৰম কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমতো পৰিব আৰু দেওবাৰলৈকে ৰাজ্যত মাজে মাজে প্ৰবল বৃষ্টিপাত হৈ থাকিব বুলি বতৰ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে।