ধাৰাসাৰ বৰষুণ আৰু বানৰ সংহাৰৰ বাবে পৰৱৰ্তী নিৰ্দেশনালৈকে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ ৰখা হৈছে জীপ চাফাৰী।
আজিৰে পৰা আগৰাতলী আৰু বুঢ়াপাহাৰ বন পৰিসৰত জীপ চাফাৰী বন্ধ থাকিব বুলি এক নিৰ্দেশনা যোগে জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
বাতৰি অনুসৰি, ৰাজ্যজুৰি যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিক বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে পথৰ অৱনতি ঘটিছে।
ইফালে, বন বিষয়াসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ২০২১-২২ বৰ্ষৰ পৰ্যটন ঋতু বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে। অৱশ্যে, কঁহৰা আৰু বাগৰী বন পৰিসৰত জীপ চাফাৰী অব্যাহত থাকিব।
