আজিৰে পৰা আৰম্ভ হ’ব ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

55

কোভিড স্থিতিৰ মাজতে গ্ৰন্থপ্ৰেমীৰ বাবে সুখৰ বতৰা লৈ আজিৰে পৰা আৰম্ভ হ’ব ৩৩তম গুৱাহাটী গ্ৰন্থমেলা। চানমাৰিৰ অসম আভিযান্ত্ৰিক খেলপথাৰত বুধবাৰে বিয়লি ৪ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব গ্ৰন্থমেলাৰ। এই উদ্বোধনী অনুষ্ঠানতে উপস্থিত থাকিব ৰাজ্যৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, ৩৩তম গুৱাহাটী গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল, বিশিষ্ট লেখক তথা চিন্তাবিদ তথাগত ৰয়ক। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী।

বুধবাৰ অৰ্থাৎ ৩০ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰী ২০২১লৈ অনুষ্ঠিত হ’বলগীয়া ৩৩তম গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰৱেশ বিনামূলীয়া কৰা হৈছে।