আজিৰে পৰা অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন

77

গুৱাহাটীঃ আজিৰে পৰা আৰম্ভ হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। পুৱা ৯.৩০ বজাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বাজেট অধিৱেশনৰ আৰম্ভণি কৰে। উল্লেখ্য যে, এমাহ ধৰি এই বাজেট অধিৱেশন চলিব।

ইফালে অহা শুকুৰবাৰে প্ৰথমখন বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। এই বাজেটত মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইকে ধৰি ক্ষুদ্ৰ উদ্যোগৰ বাবে অনুদান সম্পৰ্কীয় বিষয় উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

আনহাতে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে গোপীনাথ বৰদলৈ ভৱনৰ পৰা বিধানসভালৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰি মুখ্যমন্ত্ৰীয়ে বিধায়কক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কক লৈ মন্তব্য কৰি সৰভোগত কৈছিল যে বিধায়কৰ কাম কেৱল বিধান বনোৱা হে। সমষ্টিৰ উন্নয়নৰ দায়িত্ব মন্ত্ৰীয়েহে লব। লগতে বিধানসভাত ভাষণ দিবলৈ কংগ্ৰেছ বিধায়কক ১ ঘণ্টা আৰু নিৰ্দলীয়ক ২ মিনিটৰ বিপৰীতে বিজেপি বিধায়কক ৩ ঘণ্টা সময় বান্ধি দিছিল মুখ্যমন্ত্ৰীয়ে।