গোৱালপাৰা জিলাত বন্যহস্তীৰ উপদ্ৰৱ।
আগিয়াৰ ৰামপুৰ নাথপাৰাত সংঘটিত এই ঘটনা।
বন্যহস্তীৰ জাকে ভাঙি নিঃশেষ কৰে সাতটা পৰিয়ালৰ বাসগৃহ।
তদুপৰি হাতী আক্ৰমণৰ সময়ত আহত এগৰাকী বনৰক্ষীসহ দুজন লোক।
আহত হৈছে বনৰক্ষী ইডেন ৰাভা আৰু স্থানীয় নিৱাসী অতুল নাথ।
ইয়াৰ পূৰ্বে ১২ এপ্ৰিলত গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ অন্তৰ্গত ধমাৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু ঘটিছিল।
