আকৌ মোদী চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৃষকৰ! ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

251

লোকসভা নির্বাচনৰ পূর্বে পুনৰবাৰ কেন্দ্রৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা কৰিছে অন্ন দাতাই৷ ১৬ ফেব্ৰুৱাৰীত সংযুক্ত কিষাণ মৰ্চাকে ধৰি বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলে নূন্যতম সমৰ্থন মূল্য (এম এছ পি), নিবনুৱা আৰু পেঞ্চনৰ দাবী আৰু অগ্নিবীৰ আঁচনিৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনায়। য’ত আন সংগঠনকো অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

কৃষক নেতাসকলে বিভিন্ন শ্ৰমিক সংগঠন আৰু পৰিবহণ সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে। ১৬ ফেব্ৰুৱাৰীত খেতিয়কক অনশন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ব্যৱসায়ী, দোকানী, পৰিবহণ ব্যৱসায়ী আৰু শ্ৰমিকসকলকো সেইদিনা কাম নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকইটে কয়, ‘আগতে প্ৰতি অমাৱস্যাত খেতিয়কসকলে লঘোন দিছিল। ১৬ ফেব্ৰুৱাৰীত আমিও অমৱস্যা পালন কৰিম। যেতিয়ালৈকে নূন্যতম সমৰ্থন মূল্য আইনত পৰিণত নহয় তেতিয়ালৈকে যুঁজ বন্ধ নহ’ব।”

মন কৰিবলগীয়া যে এবছৰতকৈও অধিক সময় দেশৰ অন্ন দাতাসকলে দিল্লীৰ তিনিও সীমান্তত অবিৰত আন্দোলন চলাই কৃষকসকলে কৃষকসকলে ক’লা আইন বুলি অভিহিত কৰা তিনিখন কৃষক আইন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা বিচৰাৰ পিছতে আন্দোলন বাতিল কৰা হৈছিল যদিও সেই সময়ত তেওঁলোকে আন্দোলন শেষ হোৱা নাই, স্থগিত ৰখা বুলি কৈছিল। নূন্যতম সমৰ্থন মূল্য আইনগতভাৱে নিশ্চিত নহ’লে পুনৰ আন্দোলন আৰম্ভ হ’ব বুলি তেতিয়াই সকীয়াই দিছিল কৃষকে।