আকৌ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিব নেকি সৰ্বসাধাৰণক?

310

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ।এইবাৰ পুনৰ গাখীৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।জানিব পৰা মতে পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। উল্লেখযোগ্য যে আমূল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰয় আৰু অন্যান্য ইনুপুট ব্যয় বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গাখীৰৰ এই দুই ব্ৰেণ্ডে।জানিব পৰা মতে বুধবাৰৰ পৰা এই নতুন নীৰিখ কাৰ্যকৰী কৰা হ’ব।উল্লেখযোগ্য যে আমুল দুগ্ধ ব্ৰেণ্ডৰ মূল প্ৰতিষ্ঠান গুজৰাট ক’অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনে এই সন্দৰ্ভত উল্লেখ কৰে যে, আমুল গ’ল্ডৰ আধা লিটাৰৰ মূল্য এতিয়া ৩১ টকা আৰু আমুল তাজা ২৫ টকা হোৱাৰ বিপৰীতে আমুল শক্তিৰ মূল্য হ’ব ২৮ টকা হব।