আকৌ ঘোচ কাণ্ড! ধুবুৰীত হাতে-লোটে গ্ৰেপ্তাৰ সৰ্বশিক্ষা অভিযান মিছনৰ জিলা বিষয়া

169

ৰাজ্যত পুনৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ ধুবুৰীৰ সৰ্বশিক্ষা অভিযান মিছনৰ জিলা কাৰ্যসূচী বিষয়াক উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।

ধৃত বিষয়াজনক আজহাৰুল ইছলাম বুলি জানিব পৰা গৈছে। ইছলামক উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ভিজিলেন্স টিমে হাতে-লোটে কৰায়ত্ত কৰে।

তদন্তকাৰী সংস্থাটোৰ মতে, ইছলামে অভিযোগকাৰীৰ বাকী থকা দৰমহা মুকলি কৰি দিয়াৰ বাবে ধন দাবী কৰিছিল।

ৰাজ্যজুৰি সকলো ধৰণৰ দুৰ্নীতিৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীৰ লগতে দুৰ্নীতি বিৰোধী কোষটোৱে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। যোৱা কেইমাহমানৰ ভিতৰত বহু ৰাজ্য চৰকাৰৰ বিষয়াই উৎকোচ গ্ৰহণ কৰি থাকোঁতে ৰঙা হাতেৰে ধৰা পৰিছিল।

ইয়াৰ পূৰ্বে কালি ধেমাজিৰ ডি টি অ’ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক গোবিন বৰদলৈক ই-ৰিক্সা দোকানৰ ট্ৰেড লাইচেন্স নবীকৰণৰ বাবে উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰিছিল সংস্থাটোৱে।