আকৌ ঘোচ কাণ্ড! ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল

522

ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী।

এইবাৰ বঙাইগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এজন চৰকাৰী বিষয়া।

ধৃত চৰকাৰী বিষয়াজনৰ নাম লাট মণ্ডল সুধীৰ পাল বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাটি সংক্ৰান্তিয় বিষয়ত অভিযোগকাৰীৰ পৰা ধন দাবী কৰিছিল লাট মণ্ডলজনে।

সেই ধন লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে।