আকৌ কোভিডৰ আতংক! ৰাজ্যত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৪৩৪জন

161

সমগ্ৰ দেশৰ লগতে অসমতো পুনৰ ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত অৰ্থাৎ মঙলবাৰে অসমত কোভিডত নতুনকৈ আক্ৰান্ত হয় ৪৩৪ জন লোক।

এই দিনটোত পৰীক্ষা কৰা ৪১৫৭ জন লোকৰ ভিতৰত ৪৩৪ জন লোকৰ দেহত ধৰা পৰে কোভিডৰ অৱস্থিতি। আক্ৰান্তৰ হাৰ ১০.৪৪ শতাংশ।

ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ৬৫জন, ডিব্ৰুগড়ত ৪১জন আৰু কামৰূপ গ্ৰাম্যত আক্ৰান্ত হয় ৪০জন লোক।

আনহাতে, সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ। এই তথ্য টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।