আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ

107

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ বাবে ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সোমবাৰে চানমাৰিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৰ্তমানৰ দৰে মিডিয়াম ৱেভ চলাই ৰখাৰ দাবী জনায়।

তেওঁ কয়, আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান। জাতিৰ স্বাভিমানত আক্ৰমণ কৰিব খোজা বিষয়টো মানি লোৱা নহ’ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ ব্যৱস্থা কৰা লগে লগেই অসমৰ সংস্কৃতিৰ বৰপেৰাত প্ৰচণ্ড আঘাত হানিছে। অসমীয়া জাতিৰ কলা-সংস্কৃতিক আক্ৰমণ কৰিব বিচৰাৰ সিদ্ধান্ত বাতিল কৰি মিডিয়াম ৱেভ অব্যাহত ৰখাৰ দাবী জনায় ভট্টাচাৰ্যই।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয়, ‘আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ লগে লগে অসমৰ গাঁৱে-ভূঞে, চহৰে নগৰে থকা ৰাইজৰ লগত সংযোগ বিচিন্ন হ’ব। কেন্দ্ৰীয় চৰকাৰে জাতিৰ প্ৰতি যি অন্যায় কৰিব বিচাৰিছে তাক বন্ধ কৰিব লাগে।

তেওঁ লগতে কয় যে এইক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল’ব লাগে৷ মিডিয়াম ৱেভ বন্ধ কৰি অসমীয়া থলুৱা ভাষা সংস্কৃতিৰ অনুষ্ঠানসমূহ সংকুচিত কৰিব বিচৰা হৈছে, যি আমাৰ বাবে গ্ৰহণযোগ্য নহয়৷