অৱশেষত সেও মানিবলৈ বাধ্য হ’ল চৰকাৰঃ গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে নালাগে কৰ

104

গুৱাহাটীঃ গ্ৰামাঞ্চলত ঘৰ সাজিলে কৰ আদায় দিব লাগিব বুলি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ঘোষণা কৰা সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সিদ্ধান্তৰ কথা সদৰী কৰাৰ পিছতে একপ্ৰকাৰ প্ৰতিবাদময় পৰিৱেশৰ সৃষ্টি হৈছিল ৰাজ্যত। আনহাতে সদনৰ মজিয়াতো চৰকাৰৰ নতুন কৰ নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে বিৰোধী বিধায়কসকলে।

ৰাজ্যৰ চৌদিশে আৰু সদনৰ ভিতৰত হোৱা প্ৰতিবাদৰ ফলত চৰকাৰে নতুন কৰনীতি জাৰি কৰাৰ ৩ দিন পিছত অৱশেষত সেও মানিবলৈ বাধ্য হ’ল অসম চৰকাৰ। আনহাতে সদনত দিয়া ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰামাঞ্চলত আৰোপ কৰা নতুন কৰনীতি সন্দৰ্ভত অৱগত নাছিল বুলি মন্তব্য কৰাৰ পিছতে এতিয়া চৰকাৰক প্ৰশ্নৰ বাক্যবাণেৰে থকাসৰকা কৰিছে বিৰোধীয়ে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীক অৱগত নকৰাকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নতুন কৰনীতি কেনেকৈ সম্ভৱ হ’ল? নে ইয়ে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ মাজত সংঘাত সৃষ্টিৰ ইংগিত দিছে বুলিও মন্তব্য কৰে বিৰোধীয়ে।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে সংবাদ মেল সম্বোধন কৰি গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে কৰ দিব লাগিব বুলি ঘোষণা কৰিছিল। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকী বিভাগীয় মন্ত্ৰীৰ সিদ্ধান্তৰ বিষয়ে কেনেকৈ অৱগত নোহোৱাকৈ আছে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।