অৱশেষত গ্ৰেপ্তাৰ হ’ল ধৰ্ষণকাৰী হুছেইন আলী

126

ৰাজ্যত অব্যাহত আছে ইটোৰ পিছত সিটো জঘন্য ঘটনা।ধৰ্ষণ কৰা নৰপিশাচক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
অৱশেষত গ্ৰেপ্তাৰ হ’ল ধৰ্ষণকাৰী হুছেইন আলী ।

বৰপেটাৰ মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইন আলীক ।

ধৰ্ষণকাৰীজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেংদী গাঁৱৰ হুছেইন আলী । উল্লেখযোগ্য যে গৰাকী ৬০ বছৰীয়া বৃদ্ধ হুছেইন আলীয়ে নিকটৱৰ্তী এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মাজদিয়া আৰক্ষীয়ে ।
কিছুদিন পূৰ্বে এগৰাকী নাবালিকাক খেলি থকা অৱস্থাত ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী হুছেইন আলীৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ভুক্তভোগী পৰিয়ালৰ লোকে ।

উক্ত গোচৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ এটি আৰক্ষীৰ দলে অৱশেষত কালি নিশা গ্ৰেপ্তাৰ কৰে এইগৰাকী হুছেইন আলীক ।