অৱশেষত খোল খালে সুদীৰ্ঘ ২ মাহ ধৰি বন্ধ হৈ থকা বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ

94

নিখিল দাস, বৰপেটাঃ প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকা বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ অৱশেষত আজি খোল খালে। বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদৰ তৎপৰতাত আজি জিলা কংগ্ৰেছৰ কাৰ্যালয়টো খোলাৰ ব্যৱস্থা কৰা হয়। আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত কাৰ্যালয় ভৱনৰ দুৱাৰত লাগি থকা তলা ভাঙি দিয়াৰ পিছতে খোল খাই পৰে বন্ধ ভৱনটোৰ দুৱাৰ। ইফালে জেচিবি লগাই ভাঙি পেলোৱা হয় কাৰ্যালয়টোৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা কংক্ৰিটৰ বেৰ।

প্ৰৱেশদ্বাৰ খোল খোৱাৰ পিচতে সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদে দলীয় কৰ্মীসহ কাৰ্যালয়টোত প্ৰৱেশ কৰে। উল্লেখ্য যে সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বই সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ তুলি আন্দোলন মুখৰ হৈ পৰিছিল একাংশ দলীয় নেতা-কৰ্মী। ডাঃ তাৰা প্ৰসাদ দাসক বঞ্চিত কৰি আব্দুৰ ৰহিম আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা সিদ্ধান্তত ক্ষুব্ধ হৈ বৰপেটাৰ ৰাজীৱ ভৱনত তলা লগাই দিছিল বিদ্ৰোহী নেতা-কৰ্মীসকলে।

পৰৱৰ্তী সময়ত জিলা কংগ্ৰেছৰ কাৰ্যালয়টো স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ পৰিকল্পনাৰে প্ৰৱেশদ্বাৰৰ সন্মুখত পকী বেৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল ক্ষুব্ধ কংগ্ৰেছ নেতা-কৰ্মীসকলে। যোৱা ২৩ মাৰ্চত পকী বেৰ নিৰ্মাণৰ পিচত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৰাজীৱ ভৱন, বন্ধ হৈ পৰে নেতা-কৰ্মীৰ আহ-যাহো।

কিন্তু অৱশেষত সুদীৰ্ঘ দুমাহৰ অন্তত আজি কাৰ্যালয়টো খোলাৰ ব্যৱস্থা কৰা হয়। অসমৰ ৰাজনৈতিক ইতিহাসত বিৰল বুলি চিহ্নিত হৈছে এই ঘটনা।