অৱশেষত কাৰ্যক্ষম হ’ল ৰাজ্যৰ নৱ-গঠিত ৭৮খন উপ-জিলা

206

অৱশেষত কাৰ্যক্ষম হ’ল ৰাজ্যৰ নৱ-গঠিত ৭৮ খন উপ-জিলা। সমষ্টি পুনঃগঠনৰ পাছতেই গঠন হৈছিল ৭৮ খন উপ-জিলা। এই উপ-জিলাসমূহ কাৰ্যক্ষম কৰাৰ বাবে অধিসূচনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ। এই অধিসূচনা অনুসৰিয়ে এতিয়াৰে পৰা কাৰ্যক্ষম হ’ব প্ৰতিখন উপ-জিলা। প্ৰতিখন উপ-জিলাত থাকিব অতিৰিক্ত জিলা আয়ুক্ত। সংশ্লিষ্ট উপ-জিলাত এতিয়াৰে পৰা সম্পন্ন হ’ব গাঁও প্ৰধান নিযুক্তিৰ পৰা আৰম্ভ কৰি ভূমি বন্দোবস্তিকে ধৰি সকলো কাম-কাজ ।