অৱশেষত উদ্ধাৰ আৰক্ষী আৱাসৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই গুলী

184

নগাঁৱৰ আৰক্ষী আৱাসৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই গুলী অৱশেষত উদ্ধাৰ।

কলাইগাঁও আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা উদ্ধাৰ কৰে চুৰি হোৱা গুলীখিনি।

এজন গভাইত চোৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই চুৰি সন্দৰ্ভত।

ধৃত চোৰজনৰ নাম ফিৰোজ খান।

উল্লেখ্য যে, যোৱা ৯ জুলাইত আৰক্ষী ছাউনীৰ কনিষ্টবল অৰুণজ্যোতি শইকীয়াৰ বাসগৃহৰ পৰা ফিৰোজ খানে চুৰি কৰিছিল নগদ ধন আৰু সোণৰ অলংকাৰসহ বন্দুকৰ গুলীখিনি।

ইয়াৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছিল কনিষ্টবল অৰুণজ্যোতি শইকীয়াক।

আনহাতে আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা ফৌজদাৰীপট্টিৰ পানী টেংকীৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে গভাইত চোৰ ফিৰোজ খানক।

তাৰ পিছতে ফিৰোজ খানৰ জিম্মাৰ পৰা উদ্ধাৰ হয় একে৪৭ ৰাইফলৰ গুলীখিনি। মন্দিৰৰ পৰা চুৰি হোৱা এটা ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিও চোৰটোৰ পৰা জব্দ কৰে আৰক্ষীয়ে।