প্ৰায় এমাহৰ অন্তত অৱশেষত ঘৰলৈ উভতিব অএনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিতুলৰ পৰিয়ালৰ আহ্বানৰ পিছত শুকুৰবাৰে পুৱা আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক।
গালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ চংচা বস্তিত আলফা স্বাধীনে ৰিতুল শইকীয়াক মুকলি কৰি দিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে দুই সতীৰ্থৰ সৈতে অপহৰণ কৰা হৈছিল ৰিতুলক। তাৰ পিছত পৰেশ বৰুৱাই কিছুদিন পূৰ্বে আলফাৰ জিম্মাত ৰিতুল শইকীয়া কুশলে আছে বুলি জানিবলৈ দিছিল।
ইফালে ৰিতুলৰ মুকলিৰ খবৰ লাভ কৰিয়েই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনায় ৰিতুলৰ পত্নী তথা পৰিয়ালে।