অৰ্ধ – শতাধিক শ্ৰমজীৱি পৰিয়ালক দিছপুৰ প্ৰেছ ক্লাবৰ খাদ্য – সামগ্ৰীৰ টোপলা, মাক্স , চেনিটাইজাৰ বিতৰণ

71

ষ্টাফ ৰিপোৰ্টাৰ : ল’ক ডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা দিছপুৰ গণেশগুৰি অঞ্চলৰ লগতে পূৱ নৰকাসুৰ নাৰায়ণ মন্দিৰ পথৰ অৰ্ধ – শতাধিক শ্ৰমজীৱি তথা দিন মজুৰী কৰা পৰিয়ালক দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ টোপলাৰ লগতে মাক্স , চেনিটাইজাৰ বিতৰণ কৰা হ’য় ।
বিতৰণ কৰা প্ৰতিটো খাদ্য – সামগ্ৰীৰ টোপলাত আছিল চাউল, দাইল , আলু , পিয়াজ , নিমখ , মিঠাতেল আদি । দিছপুৰ প্ৰেছ ক্লাবক এই খাদ্য সামগ্ৰী খিনি যোগান ধৰিছিল প্ৰবোধ ( ৰিয়ান ) ভট্ট , উৎপল শইকীয়া আৰু ডেনি সোনোৱালে ।