অৰ্ণৱ গোস্বামীক ঘৰৰ পৰা গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

86

ডিজিটেল ডেস্কঃ ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আটক মুম্বাই আৰক্ষীৰ। মুম্বাই আৰক্ষীৰ এটা দল অৰ্ণৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ বুধবাৰে পুৱা আটক কৰে সাংবাদিকজনক। আনহাতে অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে শাৰিৰীক ভাৱে অপদস্থ কৰা বুলিও অভিযোগ কৰে সাংবাদিকগৰাকীয়ে।

সাংবাদিকগৰাকীৰ মতে, মুম্বাই আৰক্ষীয়ে তেওঁৰ শহুৰ, শাহু, পত্নী আৰু পুত্ৰকো অপদস্থ কৰে। আনহাতে ৰিপাব্লিক টিভিৰ জৰিয়তে প্ৰকাশ কৰা এটা ভিডিঅ’তো মুম্বাই আৰক্ষীয়ে জোৰ জবৰদস্তি কৰি অৰ্ণৱ গোস্বামীক আটক কৰা দেখা পোৱা গৈছে। আৰক্ষীয়ে বলপূৰ্বকভাৱে গোস্বামীক ভেনত বহুৱাই লৈ যোৱাৰ দৃশ্যও ইতিমধ্যে পোহৰলৈ আহিছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ষ্টুডিঅ’ত বহি হুংকাৰ দিয়া অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ নাম পৰৱৰ্তী সময়ত ভুৱা টিআৰপি গোচৰত সাঙোৰ খাই পৰিছিল।