অৰ্ডাৰ দিছিল স্মাৰ্টফোন, পালে চাবোন: পাৰ্চেল খুলি হতবাক মালিগাঁওৰ যুৱক

87

গুৱাহাটীঃ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া নতুন স্মাৰ্টফোনটোৰ ঠাইত গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ এজন বাসিন্দাই চাবোন আৰু এটা পুৰণি স্মাৰ্টফোন লাভ কৰে। বিশাল সাহানী নামৰ লোকজনে যোৱা ৮ ছেপ্টেম্বৰত অনলাইন বিক্রেতা প্ৰতিষ্ঠান ফ্লিপকাৰ্টত মোবাইল ফোনৰ অৰ্ডাৰ দিছিল।          

পাৰ্চেলটো খোলাৰ পিছত সাহানী হতবাক হৈ পৰে আৰু দেখে যে এটা পুৰণি স্মাৰ্টফোন নতুন স্মাৰ্টফোন বাকচৰ ভিতৰত ৰখা হৈছে।

“যেতিয়া মই পাৰ্চেলটো খুলিছিলো তেতিয়া মই হতবাক হৈছিলো। মই সদায় অনলাইন প্লেটফৰ্মৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰি আহিছো কিন্তু মোৰ সৈতে এনে ধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে ঘটিছিল,” বিশাল সাহানীয়ে কয়।

সাহানীয়ে বিষয়টো ফ্লিপকাৰ্টক জনাইছে। তেওঁৰ অৰ্ডাৰৰ পৰিমাণ ডাঙৰ হোৱাৰ বাবে তেওঁক অপেক্ষা কৰিবলৈ কোৱা হৈছে বুলি জানিবলৈ দিয়ে সাহানীয়ে।