ৰাজ্যত সক্ৰিয় হৈ উঠিছে চাৰিচকীয়া বাহন চুৰি চক্ৰ। অৰুণাচল প্ৰদেশৰ পৰা চুৰি কৰি অনা এখন বলেৰ’ গাড়ী যোৰহাট আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হৈছে। চোৰৰ দলে গাড়ীখন চুৰি কৰি আনিছিল অৰুণাচল প্ৰদেশৰ জিৰ’ৰ পৰা ।
বিশেষ খবৰৰ ভিত্তিত অনুসন্ধান চলাই যোৰহাট আৰক্ষীৰ এটা দলে জিলাখনৰ পুলিবৰ অঞ্চলত এই চুৰি গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। AS- 01- EB-3044 নম্বৰৰ নম্বৰপ্লেট লগোৱা বগা ৰঙৰ বলেৰ’ গাড়ীখন অৰুণাচল প্ৰদেশৰ জিৰ’ৰ পৰা চুৰি কৰি অনা বুলি প্ৰাথমিক ভাৱে আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান আৰম্ভ কৰিছিল।
যোৰহাটৰ উপকন্ঠৰ দহোটীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পুলিবৰ আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে তালাচী আৰম্ভ কৰিছিল যদিও এই চুৰি গাড়ীখন চালকে অন্য এটা পথেৰে লৈ যায়। আৰক্ষীৰ এটা দলে গাড়ীখনৰ পিছ লোৱাৰ পিছত ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত পকামুৰা বেজগাঁৱত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে গাড়ীখন এৰি থৈ চালকজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে চালকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
আনহাতে শুকুৰবাৰৰ পুৱা পৰ্যন্ত উদ্ধাৰ হোৱা চুৰি গাড়ীখনৰগৰাকীৰ সন্ধান ওলোৱা নাছিল যদিও পিছবেলালৈ অৰুণাচলৰ পৰা যোৰহাটত আহি উপস্থিত হয়হি চুৰি হোৱা বলেৰ’খনৰ গৰাকী। কিন্তু তাৰ পিছতো সৃষ্টি হয় আন এক সমস্যাৰ। কাৰণ জিৰ’ৰ পৰা চুৰি হোৱা গাড়ীখন অৰুণাচল প্ৰদেশত পঞ্জীয়ন কৰা গাড়ী আছিল। সেয়েহে উদ্ধাৰ হোৱা গাড়ীখনত চোৰৰ দলে ARৰ সলনি AS লিখা ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে । আৰক্ষীয়ে ইতিমধ্যে গাড়ীখনৰ প্ৰকৃত গৰাকীৰ তথ্য বিচাৰি পৰিবহন বিভাগৰ লগত যোগাযোগ কৰিছে ।
