অৰুণাচল প্ৰদেশৰ নামপংৰ লংকা গাঁৱত অসম ৰাইফলছ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই দুজন সন্দেহযুক্ত এনএছচিএন কেডাৰক বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক কৰিবলৈ সক্ষম হয়।
ধৃত এনএছচিএন কেডাৰ দুজনক ক্ৰমে- শোমজং মোচাং (২৮) আৰু ৰামপোই ৰণচুং (৩৪) বুলি চিনাক্ত কৰা হৈছে।
নিৰাপত্তাৰক্ষীয়ে যুৱক দুজনৰ পৰা প্ৰায় ৬ লাখ ৫০ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে।