গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ জাতীয় সগঠন সমূহে প্ৰৱল প্ৰতিবাদ কৰাৰ লগতে আইনী যুঁজ দিয়াৰ পোষকতা কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কেইবাটাও জাতীয় দল-সংগঠনে। ৰাজ্যৰ দল-সংগঠনে উচ্চতম ন্যায়ালয়ত দিয়া আবেদনৰ ভিত্তিত ইতিপূৰ্বে আদালতে বিষয়টোক গুৰুত্ব সহকাৰে লৈছিল।
উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত অহা ২ নৱেম্বৰত শুনানি অনুষ্ঠিত কৰিব। শুনানিৰ পূৰ্বে ন্যায়ালয়ে নাগৰিকত্ব আইন বিষয়টোক তালিকাবদ্ধ কৰি সকলো আবেদন একত্ৰিত কৰি একেলগে শুনানি অনুষ্ঠিত কৰিব। উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত প্ৰথমটো শুনানি অনুষ্ঠিত হৈছিল আদালতত।